annexureannihilate

Annie Besant (English)
Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2015-10-01
1. Historial(Proper Noun-Feminine) A prominent British socialist, theosophist, women`s rights activist, writer and orator and supporter of Irish and Indian self-rule. (Born: 1 October 1847, Death: 20 September 1933) এগৰাকী বিদুষী মহিয়সী ইংৰাজ মহিলা৷ যিসময়ত ইংৰাজ জাতিয়ে আধুনিকতাৰ শীৰ্ষস্থানত আৰোহণ কৰিছিল, মানুহে ভাবিব পৰা সকলো সুখ স্বাচ্ছন্দ্যৰ মাজত জীৱনক পূৰ্ণমাত্ৰাত উপভোগ কৰিছিল সেই সময়ত এইগৰাকী ব্ৰিটিছ মহিলাই সুদূৰ লণ্ডনৰ পৰা আহি দক্ষিণ ভাৰতৰ এটা অভাৱগ্ৰস্ত অঞ্চলত বসবাস কৰিবলৈ লৈছিল৷ কেৱল মানৱ সেৱাকেই জীৱনৰ ব্ৰত কৰি লোৱা এই গৰাকী বিদুষী মহিলাই সমাজৰ সকলো দিশৰ পৰা অন্ধকাৰত বাস কৰা এখন নি:স্ব সমাজৰ কল্যাণৰ হকে নিজকে বিলাই দিছিল৷